Welcome to Beltola College Website

Department of Political Science Activities


On 28 the May 2022 at 12 noon a meeting is held in the ICT Class room organized by the Department of Political Science Department. The resource person is Hiranya Deka, Actor. - 2022

আজি 28/05/2022 তাৰিখে বেলতলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে এই মাহৰ অতিথি অনুস্থানত আমন্ত্ৰণ জনাই অসমৰ অভিনয় জগত এক উজ্জ্বল  নক্ষত্ৰ  তথা জনপ্ৰিয় অভিনেতা হিৰণ্য ডেকাক। এই উপলক্ষে আজিৰ সভাত উপস্থিত আছিল  মহাবিদ্যালয়ৰ অধ্যক্ষ ড, অজিত বৰকটকী,  বিশিষ্ট অভিনেতা হিৰণ্য ডেকা,  ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ কলিতা,  অধ্যাপিকা ড লীনা ডেকা, অন্যান্য শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী সকল । অনুস্থানৰ আৰম্ভণিত  সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই  অৰূপ কলিতাই , যথাক্ৰমে বিশিষ্ট  অতিথিক সম্বৰ্দ্ধনা জনাই চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী অৰ্পিতা ৰয়, বিস্মিতা  ডেকা, ৰাখী কলিতা, চকিনা বেগমে। 
  অনুস্থানৰ আৰম্ভণিতে অধ্যক্ষ ড     অজিত বৰকটকীয়ে এক সাৰুৱা ভাষণেৰে অভিনয় জগতৰ লগতে অন্যান্য ক্ষেত্ৰতো সফলতা প্ৰাপ্ত হিৰণ্য  ডেকাক স্বাগতম জনোৱাৰ  লগতে   ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বাৰ্তা প্ৰদান কৰে। অনুস্থানত এক মনোগ্ৰাহী সংগীত পৰিবেশন কৰে ষষ্ঠ ষান্মাষিকৰ ছাত্ৰ অনুৰাগ গগৈয়ে। সভাত ড লীনা ডেকা ই অভিনেতা হিৰণ্য ডেকাৰ বলিষ্ঠ তথা মনোৰঞ্জনেৰে ভৰা অভিনয়ৰ  বিষয়ে উল্লেখ কৰাৰ লগতে অভিনয়ৰ মাজেৰে তেখেতে সমাজলৈ আগবঢ়োৱা বাৰ্তা সমূহৰ প্ৰশংসা কৰে।
 যথাক্ৰমে বিশিষ্ট অতিথি হিৰণ্য ডেকাই হাস্যৰসৰ মাজেৰে কেনেকৈ আজিৰ অভিনয় জগতত খলকনি তুলিবলৈ সক্ষম হৈছে সেই বিষয়ে উল্লেখ কৰিলে আৰু সৰু সৰু খুহুতীয়া অভিনয়ৰ মাজেৰে  হাঁহিৰ খোৰাক তুলিলে। তেখেতৰ বক্তব্যৰ মাজেদি তেখেতে ছাত্ৰ ছাত্ৰী সকলক বাৰ্তা দিলে যে মানুহে যি কমেই নকৰক সম্পূৰ্ণ অন্তঃকৰেণেৰে কৰিলে সফলতা লাভ কৰিব পাৰে আৰু হাঁহিয়ে মানুহৰ জীৱনত প্ৰাণৰ সঞ্চাৰ কৰিব পাৰে। এই অনুষ্ঠানৰ শেষত শলাগৰ  শৰাই আগবঢ়াই  ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা কবিতা দাসে

 

Copyright @ Beltola College | Design and Developed By Prism Infosys